My Dashboard

Hello Madan Nath (not Madan Nath? Sign out).

Madan Nath

মদন চন্দ্ৰ নাথ

১৯৬৫ চনৰ মে মাহত যোগী গাঁৱত জন্ম লাভ কৰা মদন চন্দ্ৰ নাথৰ শিক্ষা জীৱন আৰম্ভ হয় ৰ নং যোগী গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা৷ পৰৱৰ্তী সময়ত মেৰাগড় নাৰায়ণ দেৱ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাট কলেজত কলেজীয়া জীৱন আৰম্ভ কৰে৷ যোৰহাট মডেল কমাৰ্চিয়েল ইনষ্টিটিউটত মুদ্ৰালিখন প্ৰশিক্ষক হিচাপে ১৯৮৬ পৰা ১৯৯৪ চনলৈ কৰ্মৰত আছিল৷ পৰৱৰ্তী সময়ত ১৯৯৫ পৰা ১৯৯৭ চনলৈ ‘ভকেচনেল এণ্ড কমাৰ্চিয়েল ইনষ্টিটিউট’ [কমলাবাৰী,মাজুলী] ৰ প্ৰশিক্ষক হিচাপেও তেওঁ কাম কৰিছিল৷ বানে গৰকা অঞ্চলৰ নাথ এগৰাকী সমাজৰ সকলো দিশতে আগভাগ লোৱা আগৰণুৱা ব্যক্তি৷ কলেজীয়া জীৱনত তেওঁ তিনিখন উপন্যাস, মহাভাৰতৰ কাহিনীৰ আধাৰত দুখন নাটক, স্ব-ৰচিত তিনিখন নাটক আৰু এখন কবিতা পুথিৰ পাণ্ডুলিপি লিখিছিল যদিও দুৰ্ভাগ্যবশত এক অনাকাংক্ষিত পৰিস্থিতিৰ ফলত সম্পূৰ্ণৰূপে ঘৰ জ্বলি যোৱাত সকলো নিঃশেষ হৈ পৰিছিল৷ পৰৱৰ্তী সময়ত নাথে পুনৰ ‘যজ্ঞৰত্ন’ আৰু ‘মহিষাসুৰ বধ’ নামেৰে দুখন নাটক লিখিছিল৷ বৰ্তমান তেওঁ কৃষি¸ কৰ্মৰ লগতে পকাৰে সজা মূৰ্তি, গেট নিৰ্মাণ আদি কাৰ্যৰ লগতে অঞ্চলটোৰ বিভিন্ন সামাজিক কামৰ সৈতে জড়িত হৈ আছে৷