Alt
12 Sep 2023 5:25 PM

শালমৰা আহোম যুগৰে পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এখনি নৈপৰীয়া গাঁও। এই গাঁৱৰ ইতিহাস লিখি শেষ কৰিব নোৱাৰি। তথাপিতো  শালমৰা সম্পৰ্কে কিছু কথা লিপিবদ্ধ কৰিব বিছাৰিছোঁ ৷

‘শালমৰা’ মাজুলীৰ পূব প্ৰান্তৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এখন গাঁৱৰ নাম ৷ যিখন গাঁৱত বসবাস কৰা  লোকসকলে বছৰি ছমাহেই ব্ৰহ্মপুত্ৰৰ পানীত জলকেলি কৰি কটায় ৷ এই গাঁওখন চৰকাৰী পক্ষৰ পৰা অৱহেলিত ৷ বাৰিষা কালছোৱাত গাঁৱৰ লোকসকলে চিকিৎসালয়লৈ যোৱা, ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱা, বেপাৰ-বাণিজ্য কৰা কামসমূহ কেনেদৰে সমাধা কৰে, স্বচক্ষে নেদেখিলে বুজোৱাতো খুবেই টান ৷ যি নহওক গাঁৱৰ অন্তঃভাগৰ বিষয়ে পাছত আলোকপাত কৰিম৷ প্ৰথমতে এই শালমৰা গাঁৱৰ ইতিহাসৰ বিষয়ৰ ওপৰত কিছু আলোচনা কৰিবলৈ ওলাইছোঁ ৷ অসমত আহোম ৰাজত্ব কালৰ ১৬১১ খ্ৰীষ্টাব্দৰ আগতে দিহিং নদীৰ পাৰত শালমৰা গাঁৱৰ অৱস্থিতি আছিল ৷ সেই সময়ত এই শালমৰা গাঁৱৰ নাম আছিল  'কৰ্শালমৰা' ৷ কৰ্শালমৰা শব্দৰ অৰ্থ আছিল নাৱৰ বিন্ধা-ফুটা মৰাত ব্যৱহৃত কাঠ বা বাঁহৰ শলা ৷ অন্য এটি প্ৰবাদৰ মতে যেতিয়া আহোম ৰজা বদন বৰফুকন ৰাজ সিংহাসনত অধিষ্ঠিত হৈ আছিল তেতিয়া গদাধৰ সিংহ পলাই আছিল ৷ পলাই থকা অৱস্থাতে নগাঁৱৰ সৰিয়হ তলিত গদাধৰ সিংহক ৰজা ঘোষণা কৰে৷ বদন বৰফুকনৰ লগত যোৱা ৰাজবিষয়াসকলে কেতিয়াবা গদাধৰ সিংহই বিদ্ৰোহ কৰিব পাৰে বুলি ভাবি বিষয়াসকলৰ কিছুমানক ভূঁৰত তুলি উটুৱাই দিছিল আৰু কিছুমানক শালত চেপি হত্যা কৰিছিল ৷ তেতিয়াৰ পৰাই কৰ্শালমৰা হ’ল বুলি প্ৰবাদ আছে ৷ তেনেদৰে আৰু বহু প্ৰবাদ পোৱা যায়৷

কুমাৰ সম্প্ৰদায় লোকসকল অতীতৰ দিহিং নদীৰ পাৰত কেতিয়াৰ পৰা কেনেদৰে বাস কৰিবলৈ ল’লে সেই বিষয়ে বিতং তথ্য পোৱা নাযায় যদিও, সম্ভৱতঃ উজনি অসমৰ কলিতা ৰাজ্য যেতিয়া ভাঙি থানবান হৈছিল সেই ৰাজ্যৰে হয়তো কোনো এটা ঠাল দিহিং নদীৰে ভটিয়াই আহি মাজুলীৰ উৰ্ব্বৰা ভূমি পাই বসতি কৰিবলৈ ল’লে ৷ প্ৰথম অৱস্থাত ডাঙৰ গছৰ পৰা তেওঁলোকে নাও প্ৰস্তুত কৰিছিল যদিও পিছলৈ ফলা কাঠেৰে নাও নিৰ্মাণ কৰিবলৈ ল’লে ৷ অসমত আহোমৰ ৰাজত্ব কালত পদসেনা, নৌসেনা আদি বিভিন্ন ভাগত যুঁজাৰু বিভক্তিত হৈ আছিল ৷ মোগলে অসম আক্ৰমণৰ সময়ত শৰাইঘাট যুদ্ধত ব্যৱহৃত নাও এই শালমৰা গাঁৱৰো অৱদান আছিল বুলি প্ৰবাদ পোৱা যায় ৷ সেই কাৰণেই নেকি আহোমৰ ৰজাঘৰীয়াৰ লগত মধুৰ সম্পৰ্ক আছিল আৰু ৰজা ঘৰৰ পৰা বিষয়- বাব লাভ কৰিছিল৷

ঐতিহাসিক দিনৰে পৰা শালমৰা গাঁও এখন বৃহত্তৰ গাঁও আছিল আৰু গাঁৱখনৰ নামতেই মাজুলীৰ তিনিটা মৌজাৰ ভিতৰত শালমৰা মৌজা নামেৰে শালমৰা অঞ্চলটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল৷

প্ৰাকৃতিক দুৰ্যোগে পৃথিৱীখনক কেতিয়াবা নতুনত্ব প্ৰদান কৰে৷ এনেদৰেই প্ৰকৃতিয়ে শালমৰা গাঁৱলৈও নতুনত্ব আনিছিল ৷ ১৯৫০ চনত অসমত প্ৰৱল ভূমিকম্প হৈছিল ৷ সেই ভূমিকম্পৰ ফলতেই ব্ৰহ্মপুত্ৰৰ উত্থান-পতন ঘটিছিল আৰু তাৰ ফলশ্ৰুতিতেই ব্ৰহ্মপুত্ৰই গৰাখহনীয়া আৰম্ভ কৰিবলৈ ধৰিছিল ৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত অতীতৰ শালমৰা গাঁৱৰ কোনো অস্তিত্ব নাইকিয়া হ’ল ৷ বৰ্তমান কামজান এলেঙ্গী ৱাৰ্ডৰ পৰা বৰবোকা ৱাৰ্ডক লৈ শালমৰা গাঁও গঠিত হৈ আছে ৷ গাঁওখন কুমাৰ, কৈৱৰ্ত, বণিয়া, কেওট, নাথ সম্প্ৰদায়ৰ লোকৰ বসতিস্থল৷ গাঁওখনত প্ৰায় ৬০০ৰো অধিক পৰিয়ালে জীৱন নিৰ্বাহ কৰে৷ বানপানী অধ্যুষিত হোৱাৰ বাবে অঞ্চলতো “চৰ” অঞ্চল হিচাপেও পৰিগণিত ৷

গাঁওখনৰ ৯০শতাংশ লোক কুমাৰ সম্প্ৰদায় হোৱাৰ বাবে নৌকা শিল্পৰ প্ৰাধান্য বেছি৷ ব্ৰহ্মপুত্ৰৰ পৰা উটি অহা বিবিধ ৰকমৰ কাঠ আৰু অন্যান্য অঞ্চলৰ পৰা আমদানিকৃত কাঠৰ জৰিয়তে শালমৰা গাঁৱৰ লোকসকলে নৌকা-শিল্পৰ ব্যৱসায়ত ব্যৱহাৰ কৰে৷ কিন্তু বৰ্তমান চৰকাৰে গছ কটা বন্ধ কৰাৰ বাবে নৌকা শিল্পৰ অৱস্থা অতি শোচনীয়৷ চৰকাৰে যদিহে নৌকা শিল্পৰ বাবে ব্যৱহৃত সামগ্ৰীসমূহৰ ওপৰত থকা বাধাসমূহ আঁতৰাই দিয়ে নৌকা শিল্প জীয়াই থকাৰ লগতে শিল্পটোৰ লগত জড়িত লোকসকলো আৰ্থিকভাৱে সকাহ লাভ কৰিব ৷

শালমৰা গাঁৱৰ মূল শিল্প হ’ল মৃৎ শিল্প৷ মাটিৰ পাত্ৰ তৈয়াৰ কৰা মাটিক কুমাৰ মাটি বোলে ৷ এই মাটি মূল ভূ-ভাগৰ পৰা প্ৰায় ৩/৪ মিটাৰ তলত পোৱা যায়৷ এই মাটি খান্দি উলিওৱা কাৰ্যক খনি দিয়া বোলে ৷ খনি দিওঁতে কেতিয়াবা মানুহৰ মৃত্যু বা চিৰদিনৰ বাবে পঙ্গু হোৱাৰ উদাহৰণো পোৱা যায় ৷ এই কুমাৰ মাটিৰে নিৰ্মাণ কৰা সামগ্ৰীসমূহৰ ভিতৰত কলহ, টেকেলি, মলাচৰু, ধূপদানি, চাকি, ধূনাদানি, এৱা ঘট, নদিয়া, ভাবুকি, দুলড়ী, বিয়াৰ পানীতোলা ঘট, জাপচাকি, বানমলা খোল নাগেৰা, ইত্যাদিয়েই প্ৰধান৷ মৃৎশিল্পৰ শিকণ প্ৰণালী বা অধ্যয়নৰ ক্ষেত্ৰত আগবাঢ়িব পৰাকৈ কোনোধৰণৰ ঔদ্যোগিক শিক্ষা-প্ৰতিষ্ঠান তথা ব্যৱস্থাপ্ৰণালী নাই ৷ পুৰুষানুক্ৰমে চলি অহা শিক্ষাৰেই মৃৎশিল্পৰ সামগ্ৰীসমূহ নিৰ্মাণ হৈ আহিছে ৷ মৃৎ শিল্পৰ বাবেই শালমৰা গাঁৱত মাজুলীলৈ অহা পৰ্যটকে ভিৰ কৰা দেখা যায় ৷ পৰ্যটকসকলৰ যোগেদি শালমৰা গাঁৱৰ মৃৎ শিল্পই বিশ্ব দৰবাৰত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে মৃৎশিল্পক কেন্দ্ৰ কৰি বহুতো তথ্য চিত্ৰ আৰু লিখা-মেলাও প্ৰকাশিত হৈছে৷ বিভিন্ন গৱেষণাধৰ্মী কামো সম্পন্ন হৈছে ৷

শালমৰা গাঁৱত মৃৎ শিল্পৰ বিভিন্ন সামগ্ৰীসমূহ নিৰ্মাণ হয় যদিও এই  সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে এখন নিৰ্দিষ্ট বজাৰ নাই ৷ সেইবাবেই তেওলোকে হাত নাৱেৰে উজনিৰ শদিয়া পৰ্যন্ত আৰু ভটিয়াই গোলাঘাট, তেজপুৰ, বিশ্বনাথ, নাৰায়ণপুৰ আৰু  লক্ষীমপুৰ পৰ্যন্ত ব্যৱসায় কৰে, যাৰ বাবে দুই বা তিনি মাহ সময়ৰ প্ৰয়োজন হয় ৷

শালমৰা গাঁৱৰ পানীৰ সমস্যা যথেষ্ট বেছি ৷ কৰ্শালমৰাৰ দিনতো ইয়াৰ মানুহে নদী, খাল, বিল, আদিৰ পানী ব্যৱহাৰ কৰিছিল৷ আৰ্থিক দিশত স্বচ্ছলজনেহে কুঁৱাৰ পানী ব্যৱহাৰ কৰিছিল ৷ বৰ্তমানো সেই অৱস্থা, অৰ্থাৎ আৰ্থিকভাৱে টনকিয়াল লোকসকলেহে কুঁৱা বা দমকলৰ পানী ব্যৱহাৰ কৰে যদিও আৰ্থিকভাৱে পিছপৰা লোকসকলে এতিয়াও নাদ, বিল, পুখুৰীৰ পানীয়েই অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছে৷ বৰ্তমান চৰকাৰে “জল জীৱন মিছন” আঁচনিৰ জৰিয়তে গাঁৱত পানী যোগানৰ ব্যৱস্থা কৰিছে যদিও যান্ত্ৰিক বিজুতি অথবা অন্যান্য কাৰণত সফল ৰূপায়ণ হোৱা দেখিবলৈ পোৱা নাই৷ বৰনৈ পাৰত জিলিকি থকা বৃহত্তৰ শালমৰাৰ শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰখন সমগ্ৰ মাজুলীৰে এখন উল্লেখনীয় দিশ৷ মানৱ সভ্যতাৰ প্ৰথম পাতনি মেলিছিল নদীৰ উপত্যকাতে ৷ শালমৰা গাঁৱৰ শিক্ষা আৰু সংস্কৃতিৰ উত্তৰণো আছিল নদীকেন্দ্ৰিক ৷ সভ্যতাৰ বিভিন্ন স্তৰত বিকশিত হোৱা শিক্ষা তথা সংস্কৃতিৰ বিভিন্ন উপাদানেও এই নৈৰ পাৰতেই বিকশিত হৈ দূৰ-দিগন্তলৈ বিয়পি গৈছিল ৷ উদাহৰণ স্বৰূপে বিভিন্ন খেল ধেমালিৰ পৰা আৰম্ভ কৰি গৰখীয়াই নদীৰ পাৰৰ নিজানত বহি গোৱা গীতলৈকে এই সংস্কৃতিৰ ৰূপবোৰ সিঁচৰিত হৈ আছিল ৷  ভগৱান শ্ৰীকৃষ্ণয়ো যমুনা নদীৰ পাৰতেই পাতিছিল ৰাসলীলা আৰু খেলিছিল গোপবালকসকলৰ লগত বিভিন্ন খেল ৷ তাৰপৰাই অনুমান কৰিব পাৰি নদীৰ পাৰতেই শিক্ষা আৰু সংস্কৃতিৰ মূল শিপা সৃষ্টি হৈছিল ৷

বৃহত্তৰ শালমৰাও হৈছে তেনে এখন নদীপৰীয়া শিক্ষা সংস্কৃতি তথা সভ্যতাৰ শিখৰত আগৰণুৱা গাঁও৷ যদিও  প্ৰতি বছৰে বানে বিধ্বস্ত কৰে নাইবা বৰনৈ পানীয়ে চপৰা চপৰে ভূমি গ্ৰাস কৰে তথাপিও এই অঞ্চলৰ পিছ পৰি নথকা মানুহখিনিয়ে সময়ৰ লগত খাপ খাই আগবাঢ়ি গৈছে৷ স্বাধীনতাৰ প্ৰাক্ক্ষণতেই উচ্চ বুদ্ধিসম্পন্ন লোকসকলে একত্ৰিত হৈ শিক্ষাৰ পোহৰ বিলোৱাৰ চিন্তা কৰিছিল ৷ ১৯৪৫ চনতেই শালমৰা গাঁৱৰ সুযোগ্য সন্তান ড০ মথুৰা নাথ গোস্বামী তথা মাণিক চন্দ্ৰ ভূঞাৰ নেতৃত্বত শালমৰাত শালমৰা উচ্চ বুনিয়াদী বিদ্যালয় স্থাপন কৰি শিক্ষাৰ পোহৰ বিলাবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছত অন্য এখন উচ্চ বুনিয়াদী বিদ্যালয় স্থাপন হয়৷ গাঁওখনৰ পৰিসৰ বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি ১৯৮২ চনত উজনি শালমৰাত চুৰেন হাজৰিকাদেৱৰ নেতৃত্বত অন্য এখন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন হয়৷ ফলত দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে গাঁৱতে শিক্ষা গ্ৰহণৰ সুবিধা পায়৷ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ বৃদ্ধি কথালৈ লক্ষ্য ৰাখি ১৯৯২ চনত প্ৰয়াত গোবিন্দ ভৰালী দেৱৰ নেতৃত্বত শালমৰা  “মহাত্মা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়” নামাকৰণেৰে অন্য এখন বিদ্যালয় প্ৰতিষ্ঠা হয়৷ বৰ্তমানে গাঁওখনত প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ৪ খন৷ এই বিদ্যালয়ৰ পৰা সুখ্যাতিৰে পাছ কৰি অসমৰ বিভিন্ন প্ৰান্তত দেশৰ সেৱাৰ্থে বিভিন্ন লোকে কাৰ্য নিৰ্বাহ কৰি  আছে ৷

সাংস্কৃতিক দিশৰ ক্ষেত্ৰত শালমৰা গাঁওখন অতীজৰে পৰা চহকী৷ স্বাধীনতাৰ কুৰি বছৰৰ আগত ১৯৩২ চনতে শালমৰা গাঁৱত “বিজয় মিলন সংঘ”নামেৰে এটি যুৱক সংঘ স্থাপন হয় আৰু এই সংঘই সাংস্কৃতিক বিকাশত মূল ভূমিকা পালন কৰি আহিছে ৷ ১৯৯৪ চনত উজনি শালমৰা আৰু এটি উজনি চুপহা কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰতিষ্ঠা হয় ৷ দুয়োটা প্ৰতিষ্ঠানেই শালমৰা গাঁৱৰ কৃষ্টি বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে৷ বছৰি দুয়োটা কৃষ্টি কেন্দ্ৰতে ৰাস উৎসৱ পালন কৰে ৷ তাৰ উপৰিও গাঁওখনত ১২ ভাগ নামঘৰ আছে৷ নামঘৰসমূহত অসমীয়া সমাজৰ পবিত্ৰ উৎসৱসমূহ, ভাদমাহত খোল-তালেৰে গোটেই মাহেই আকাশ বতাহ হৰি নামেৰে ৰজনজনাই থাকে ৷ এই দিশৰ পৰা চাবলৈ গ’লে মাজুলীৰ সাংস্কৃতিক ক্ষেত্ৰই হওক বা সামাজিক ক্ষেত্ৰখনতেই হওক, শালমৰা অঞ্চলৰ অৰিহণা কোনোগুণে কম নহয় ৷

State: Assam
Map location:

Geolocation is 26.90604, 93.961327